about us

অধ্যক্ষ
open letter

জিজ্ঞাস প্ৰতিভা সন্ধানী বৃত্তি পৰীক্ষাৰ পৰীক্ষাৰ্থীলৈ.......

১৯৯১ চন, ২৮ ফেব্ৰুৱাৰী, বিজ্ঞান দিৱস

বিদ্যালয় পৰ্যায়ত অসমীয়া মাধ্যমত অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে সাপ্তাহিক জিজ্ঞাসৰ জন্ম হৈছিল৷ যিসময়ত ইণ্টাৰনেট সেৱা নাছিল, ব্যক্তিগত ঘৰুৱা শিক্ষকৰ ব্যৱস্থা নাছিল, সেই সময়ত ‘জিজ্ঞাস’ বাৰ্তালোচনীখনেই আছিল ছাত্ৰ-ছাত্ৰীৰ অন্যতম হাতপুথি৷ শদিয়াৰ পৰা ধুবুৰীলৈ সকলো গ্ৰন্থ বিপণীত ওলোমাই ৰখা দেখা গৈছিল সাপ্তাহিক জিজ্ঞাস, প্ৰশ্ন জিজ্ঞাস আৰু জিজ্ঞাস প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত ছাত্ৰ-ছাত্ৰীৰ উপযোগী গ্ৰন্থসম্ভাৰ৷ বৰ্তমান ইণ্টাৰনেটৰ প্ৰভাৱ, ঘৰুৱা শিক্ষকৰ সুলভতাৰ বাবে জিজ্ঞাসৰ ছপা সংস্কৰণৰ পঢ়ুৱৈ কমিছে যদিও অনলাইন সংস্কৰণৰ ছাবক্ৰাইবাৰৰ সংখ্যা লক্ষণীয়ভাৱে বাঢ়িছে৷ (প্ৰয়োজন সাপেক্ষে আমাৰ বেৱছাইট http://jigyas.co.in চাব পাৰে)

A. C. Kalita

২০০১ চন

জিজ্ঞাস গোষ্ঠীৰ সৌজন্যত সদৌ অসম ভিত্তিত জিজ্ঞাস প্ৰতিভা সন্ধানী বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছিল৷ তৃতীয় শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ মাজত প্ৰতিবছৰে এই পৰীক্ষা অনুষ্ঠিত কৰাৰ উদ্দেশ্য আছিল ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাত যাতে শিক্ষাৰ্থীসকলে অৱতীৰ্ণ হোৱাই নহয়, যোগ্যতাও অৰ্জন কৰিব পাৰে৷ কিন্তু এনে প্ৰতিযোগিতামূলক পৰীক্ষাবোৰত ছাত্ৰ-ছাত্ৰীসকলে উত্তীৰ্ণ হোৱাটো দূৰৰে কথা, এনে পৰীক্ষাৰ বিতং খবৰেই লাভ নকৰা দিনতেই জিজ্ঞাস গোষ্ঠীৰ প্ৰচেষ্টাত জিজ্ঞাস প্ৰতিভা সন্ধানী বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰি ৰাজ্যৰ শৈক্ষিক জগতত আলোড়নৰ সৃষ্টি কৰিছে৷ ফলত ৰাজ্যৰ নগৰে-চহৰে থকা বহু প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীয়ে পৰৱৰ্তী সময়ত ইয়াৰ সুফল লাভ কৰি জিজ্ঞাস গোষ্ঠীলৈ যি কৃতজ্ঞতা দেখুৱাইছিল তাক লৈ আমি আজিও গৌৰৱান্বিত৷

আমি দৃঢ়তাৰে বিশ্বাস কৰো যে জিজ্ঞাস প্ৰতিভা সন্ধানী বৃত্তি পৰীক্ষাই অসমৰ চুকে-কোণে থকা মেধাসম্পন্ন সহস্ৰাধিক শিক্ষাৰ্থী ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ স্থান পাবলৈ সক্ষম হৈছে।এইখিনিতে উল্লেখ কৰা প্ৰাসংগিক যে অসমীয়া মাধ্যমত মানসিক প্ৰৱণতা অভীক্ষা (Mental Ability Test) বিষয়ক হাতপুথি জিজ্ঞাস গোষ্ঠীয়েই প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰিছিল৷

সেয়েহে অধিক দায়বদ্ধতা সহকাৰে এই বছৰো অহা ৮ ডিচেম্বৰ, ২০২৪, দেওবাৰে জিজ্ঞাস প্ৰতিভা সন্ধানী বৃত্তি পৰীক্ষা অসমৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত কৰা হ’ব৷ এই পৰীক্ষাত ছেবা, চি বি এছ ই অধীনৰ শিক্ষাৰ্থীয়ে ইংৰাজী আৰু অসমীয়া উভয় মাধ্যমতে অৱতীৰ্ণ হ’ব পাৰিব৷ ইতিমধ্যে অনলাইন আৰু অফলাইনৰ জৰিয়তে ৰাজ্যজুৰি প্ৰ-পত্ৰ পূৰণৰ কাম অব্যাহত আছে৷ অধিক জানিবলৈ আমাৰ https://jtsse.in ৱেবছাইট চাব পাৰে৷

জিজ্ঞাস গোষ্ঠীৰ তৰফৰ পৰা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলো৷

অধ্যক্ষ                      
জিজ্ঞাস প্ৰতিভা সন্ধানী বৃত্তি পৰীক্ষা

Know more
about Jigyas

১৯৯১ চনৰ ২৮ ফেব্ৰুৱাৰী ৷ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ৷ এই শুভ দিনটোতে অসমৰ বিদ্যায়তনিক ক্ষেত্ৰ খনত আত্মপ্ৰকাশ ঘটিছিল ’সাপ্তাহিক জিজ্ঞাস’ৰ ৷ বৌদ্ধিক যাত্ৰাৰ ৩১ বছৰত সফলতাৰে পদাৰ্পণ কৰা জিজ্ঞাস প্ৰকাশন গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত এই ’সাপ্তাহিক জিজ্ঞাস’ অসমৰ একমাত্ৰ শৈক্ষিক বাৰ্তালোচনী ৷ যি সময়ত অসমৰ শিক্ষা জগতত, বিশেষকৈ গাওঁ অঞ্চলত, গৃহশিক্ষক আৰু আন কোনো নিৰ্ভৰযোগ্য সহায়ক গ্ৰন্থ, আলোচনী বা বাৰ্তালোচনীৰ বিশেষ ব্যৱস্থা নাছিল সেই সময়ত ছাত্ৰ-ছাত্ৰী সকলৰ বৌদ্ধিক বিকাশৰ উত্তৰণত সহায়ৰ হাত আগবঢ়োৱাতোই আছিল আমাৰ এই জিজ্ঞাস বাৰ্তলোচনীৰ একমাত্ৰ উদ্দেশ্য ৷ সেই সময়ত শিক্ষাৰ ক্ষেত্ৰত আজিৰ দৰে বৈদ্যুতিন মাধ্যমৰ কোনো ব্যৱস্থাই নাছিল আৰু অসমৰ ছাত্ৰছাত্ৰী সকলে লাভ কৰা সুবিধা দেশৰ আন ৰাজ্যৰ ছাত্ৰছাত্ৰীৰ তুলনাত বৰ পুতৌজনক আছিল ৷ সেয়েহে আমাৰ ছাত্ৰছাত্ৰী সকলেও যাতে বিদ্যায়তনিক দিশত কিছু সমল লাভ কৰিব পাৰে তাৰ বাবে আমি এই বাৰ্তালোচনী খন প্ৰকাশ কৰি অসমৰ চুকেকোণে শিক্ষাৰ প্ৰচাৰৰ দিহা কৰিছিলোঁ ৷ সেইমতে, বিশেষকৈ অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ প্ৰায় সকলো ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱক-অভিভাৱিকা সকলে ’জিজ্ঞাস’ক সহৃদয়ে আদৰি লৈ আমাৰ উদ্দেশ্য সফল কৰিছিল  

Aim

Jigyas Talent Search Scholarship Examination (JTSSE) has been conducted since 2001. To create a competitive educational atmosphere among the school students of Assam beginning from Class III to Class IX. To make the school students of Assam eligible for the National level competitive examinations like NTSE, NMMSE, NSTSE etc. To identify the talented students hidden in the nook and corner of towns and villages of Assam and help them in building their future careers. To contribute development of the country by creating a healthy academic environment among the students of Assam.

উদ্দেশ্য

জিজ্ঞাস শৈক্ষিক ন্যাসৰ উদ্যোগত ২০০১ চনৰ পৰা একেৰাহে জিজ্ঞাস প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত কৰি আহিছে৷ ইতিমধ্যে এই পৰীক্ষা অসমৰ এক অদ্বিতীয় প্ৰতিযোগিতামূলক পৰীক্ষা হিচাপে পৰিগণিত হৈছে৷ বিদ্যালয় পৰ্যায়ৰ  তৃতীয় শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিযোগিতামূলক শৈক্ষিক পৰিৱেশ গঢ়ি তুলি NTSE, NMMSE, NSTSE আদিৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ যোগ্যতা গঢ়ি তোলাই হ’ল এই পৰীক্ষাৰ মুখ্য উদ্দেশ্য৷ অসমৰ গাঁৱে-ভূঞে, নগৰে-চহৰে থকা সুপ্ত প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীসকলক উলিয়াই আনি তেওঁলোকৰ ভৱিষ্যৎ জীৱন গঢ়াৰ লগতে এক সুস্থ শৈক্ষিক বাতাবৰণ সৃষ্টি কৰি এখন সুস্থ-সবল সমাজ গঠন কৰা ৷